পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥৶৹


 (১) উৎকল মালা, (২) প্ৰেম কলহ কীৰ্ত্তন, (৩) বৈষ্ণৱ অমৃত, (৪) ব্ৰহ্মগীতা, (৫) পঞ্চতন্ত্ৰ শাস্ত্ৰ তাৰু (৬) ব্ৰজ-সূচী।

 ব্ৰজাৱলীত: —(১) অঙ্ক :— (ক) কালি-দমন, (খ) পত্নী প্ৰসাদ, (গ) কেলি গোপাল (ঘ) ৰুক্মিণী হৰণ, (ঙ) পাৰিজাত হৰণ আরু (চ) ৰাম বিজয়।

 (২) বৰগীত :—মুঠতে ৩৪টি পোৱা গৈছে।

 (৩) ভট্টিমা :— মুঠতে ২৩টি পোৱা গৈছে।

 সংস্কৃতত:— নানা শাস্ত্ৰৰ সাৰ :—(১) ভক্তি ৰত্নাকৰ। (২) টোটয়।

 শ্ৰীশঙ্কৰদেৱৰ বাণী :—শ্ৰীশঙ্কৰদেৱ ৰচিত সকলো শাস্ত্ৰকে তেওঁৰ বাণী বুলিব পাৰি, কিয়নো সিসৱত দিয়া তত্ত্ব তেওঁ সাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। তেওঁৰ ঘোষা, গীত, ভট্টিমা, টোটয়, চপয়, আৰু ফকৰাবোৰ তেওঁৰ নিজস্ব; ইবিলাক যে তেওঁৰ বাণী তাত সন্দেহ নাই। তেওঁৰ ৰচিত সকলো শাস্ত্ৰতে পৰমাৰ্থ আৰু দাৰ্শনিক তত্ত্ব, বেদান্তৰ সাৰ, উপনিষদৰ উপদেশ আৰু ভাগৱত ধৰ্ম্মৰ মূল কথা প্ৰকাশ পাইছে। তাত বাজে বহুত সমাজ-নীতিৰ কথাও তাত পোৱা