পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

একে তেখনে সিসবো হোৱয়
 যজ্ঞ কৰিবাৰ পাত্ৰ॥
হৰিৰ নামৰ অনন্ত মহিমা
 তৰ্কিবে তাক নপাৰে।
পাপে ভৈল অন্ধ  আনসে প্ৰৱন্ধ
 কৰি মৰৈ অহঙ্কাৰে॥
যাক লাগি কৃপা  কৃষ্ণৰ মিলিল
 সিসে লৈবে পাৰৈ নাম।
হেন বেদ-বাণী  সত্য হেন জানি
 ডাকি বোলা ৰাম ৰাম॥

(দশম, ১২৫০৫-১২৫০৬)

৪৪। হৰিৰ ভকতি এড়ি আনপথে
 কাহাৰো নাহি মুকুতি।
পৰম বেদান্ত গীতা ভাগৱত
 শাস্ত্ৰৰ এহি যুগুতি॥
জ্ঞানে অসহায়  ভয় আছৈ আতি
 কৰ্ম্মত বিঘ্নি বিস্তৰ।
পৰম ভকতি পথত আপুনি
 সহায় হোন্ত ঈশ্বৰ॥
হেন জানি যত্নে  অলাস এড়িয়া
 গলে বান্ধা হৰিনাম।