পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৩০। জল বুদবুদ যেন অস্থিৰ জীৱন॥
 কেতিক্ষণে পৰে প্ৰাণ আৰো নাই থিতি।
 অদ্যাপি নোপজে মন মৰণক ভীতি॥
 ভাৰতে মনুষ্য তনু কত পুণ্যে পাই।
 যেন চিন্তামণি হেৰা হাততে হৰায়॥
 টুটি পড়ে আয়ু অনুক্ষণে দিনে দিনে।
 নাহিকে কলিত গতি হৰিনাম বিনে॥

(দশম, ১৬০২—১৬০৩)

৩১। যিটো জনে ফুৰে নাম সুমৰি।
 তাৰ পাছে পাছে ভ্ৰমন্ত হৰি॥
 বৎসক স্নেহে যেন ধেনু ধায়।
 ভজিয়ো জানি হেন হৰিপায়॥

(কীৰ্ত্তন, ২৩৩০)

৩২। কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
 মনুষ্য জন্ম নপায় সেন্থৰে॥
 আক বৃথা কৰা কিনো অভাগী।
 মাণিকক বিকা কাচক লাগি॥
 কেতিক্ষণে কিবা পড়ে বিঘাত।
 তথাপি চেতনা নাহিকে গাত॥
 আজি কালি কিবা মিলে মৰণ।
 হৰিৰ নামত লৈয়ো শৰণ॥

(কীৰ্ত্তন, ৬৯—৭০)