পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২৭। কোটি কোটি তীৰ্থে যাক নকৰে পৱিত্ৰ॥
 নাহি সিদ্ধি কোটি প্ৰায়শ্চিত্ত আচৰণে।
 তাকো শুদ্ধি কৰে এক নাম সুমৰণে॥

(ভক্তি প্ৰদীপ, ১৯১)

২৮। হৰিসি পৰম প্ৰিয় আত্মা পিতা-মাতা।
 হৰিসি ঈশ্বৰ সব সুখ-দুঃখ-দাতা॥
 ইহ পৰলোকে হৰি বিনে নাই কেৱ।
 হেন জানি হৰিৰ চৰণে কৰা সেৱ॥
 হৰিসি তাৰিবা ঘোৰ সংসাৰ নদীত।
 হৰিনাম বিনে পুণ্য নাহিকে কলিত॥

(দশম, ১৬৭৮--১৬৭৯)

২৯। নামৰ মহিমা কেনে শুনিয়ো সম্প্ৰতি॥
 যিটোজন যায় মাধৱৰ নাম ধৰি।
 পাছে পাছে ফুৰে দেৱ-দেৱী-স্তুতি কৰি॥
 মূৰ্ত্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি।
 মোক লোৱা বাপ বুলি কয় কাকূতি॥
 পাপ-সংহাৰক হৰিনাম মহাবলী।
 যাৰ ধ্বনি শুনি কম্পি পলায় পাপ-কলি॥
 জগতৰ সুহৃদ পৰম হৰিনাম।
 জানি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম॥

(একাদশ, ১৯৩১৫-১৯৩১৭)