পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১৪। হৰিনাম বিনে জপ-যজ্ঞ দানে
 সাধিতে নপাৰে গতি।
 নামৰ সমান নাহি পুণ্য আন
 জানিবা তুমি নৃপতি॥

(ষষ্ঠ, ২৮০)

১৫। সৱ অপৰাধক বাধক সাধক
 সিদ্ধি কৰু হৰিনাম।

(ভট্টিমা ৰাম বিঃ নাট)

১৬। নামৰ লগত সিজে যত পুণ্যচয়।
 মোক্ষকেসে সাথে তাৰ নাহি কৰ্ম্মফল॥

(ভক্তিপ্ৰদীপ, ১৬৭)

১৭। হৰি-ৰাম হৰি-ৰাম এ মূল মন্ত্ৰ।
 কলিত নাহি তপ-যজ্ঞ যন্ত্ৰ॥

(কীৰ্ত্তন ঘোষা, ২৪ )

১৮। নামেসে কৰিবে সৱ মনোৰথ সিদ্ধি।
 জানিবাহা হৰিৰ নামেসে নৱ নিধি॥
 নাম তপ জপ যজ্ঞ নাম যোগ ধ্যান।
 নাম দান-পুণ্য নাম কোটি তীৰ্থ-স্থান॥
 নাম ধন-জন বন্ধু নাম পিতা মাতা।
 নাম নিজ সুহৃদ নামেসে গতি দাতা॥