পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

কাৰো চিত্ত-বৃত্তি শৰীৰত নাই শুদ্ধি।
প্ৰভাৱত কৰি মলিন ভৈল বুদ্ধি॥
কলিৰ পৰম ধৰ্ম্ম জানা হৰিনাম।

(ৰামায়ণ, উত্তৰাকাণ্ড)

৮। গঙ্গা বাৰানসী আদি তীৰ্থ নিৰন্তৰ।
 কোটি কোটি ভাগো নোহে সমান নামৰ॥
 সিসৱ কিঙ্কৰ ধৰ্ম্ম নামে ৰাজা তাৰ।
 জানিবা নামেসে কৰে জগত উদ্ধাৰ॥

(ভক্তি প্ৰদীপ, ১৬২)

৯। কলিত কীৰ্ত্তন যিটো কৰে হৰিনাম।
 ভৈল সিটো সকামী নুহিবা নিষ্কাম॥
 তাঙ্ক কদাচিত আৰ কলি নবাধয়।
 পৰম কৃতাৰ্থ সিটো ভৈল অতিশয়॥
 হৰিৰেসে নামে নামে নামেসে নিশ্চয়॥
 নাৰদে বোলন্ত মোৰ জীৱন হোৱয়।
 কলিযুগে নাম বিনে অন্যত্ৰ উপায়॥
 নিশ্চয় কহিলো গতি নাই নাই নাই।
 কহিলা নাৰদে দৃঢ় কৰি তিনিবাৰ॥
 কলিত নাহিকে গতি নাম বিনে আৰ।
 কলিত কেৱলে হৰিনামে মহাধৰ্ম্ম॥
 এহিমানে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম্ম।

(ৰত্নাকৰ ভাঃ, ৭৪৩-৭৪৫)