পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৪।প্ৰথম স্কন্ধত আছে দেখিয়ো বিচাৰি।
 নামেসে ধৰ্ম্মৰ ৰাজা মহা হিতকাৰী॥
 জগতৰে নিস্তাৰক মহা হৰিনাম।
 নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

(ষষ্ঠ, ২৮২)

৫। পৰম পুৰুষ হৰি  যাৰ নাম লৈলে তৰি
 তাক এড়ি আনকেসে ভজে।
যেন অন্ধে নাৱ এড়ি  দুৰ্ঘোৰ সংসাৰে পৰি
 কোটি জনমক লাগি মজে॥
কলিত লভিয়া জন্ম  নাম এড়ি আন ধৰ্ম্ম
 কৰি ফুৰে যিটো মন্দ বুদ্ধি।
বিধাতা ছালন্য কৰে  হৰি ভকতিক এড়ে
 কোছতে আছন্তে মহৌষধি॥

(ৰামায়ণ, উত্তৰাকাণ্ড)

৬৷ অবহু নাহি বুদ্ধি শাস্ত্ৰক মৰ্ম্ম।
 নামত শৰণ লেহ সৱ ধৰ্ম্ম॥
 কলিমল মথন পৰম হৰিনাম।

(ভট্টমা, ৰুক্মিণী হৰণ নাট)

৭। নিষ্টে জানা সমস্তে শাস্ত্ৰৰ ইসে মজ্জা।
 আন ধৰ্ম্ম কিঙ্কৰ নামেসে তাৰ ৰাজা॥
 আগম পুৰাণ শাস্ত্ৰ দেখিয়ো বিচাৰি।
 কলিত তৰিবে আন পুণ্যে নাহি পাৰি॥