পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৯। যিটো ব্ৰহ্মৰূপ নিৰাকাৰ নিৰঞ্জন।
তেন্তে তুমি জানিলো সাক্ষাতে নাৰায়ণ॥
একো থানে মনুষ্যে মৃত্যুৰ নৈড়ায় হাত।
নকৰে ভকতি যেবে মাধৱ তোমাত॥
তোমাৰ পাৱত যেবে লৈলেক আশ্ৰয়।
তেবে সুস্থ হুয়া থাকে পৰম নিৰ্ভয়॥
যেবে নষ্ট ভৈল লোক মহা প্ৰলয়ত।
তুমি মাত্ৰ অৱশেষ থাকাহা অন্তত॥
দুনাই কালৰূপ হুয়া স্ৰজা নাৰায়ণ।
তোমাৰ চৰণে আবে লৈলোহো শৰণ॥

(দশম, ৮৭-৮৯)

১০। শাস্ত্ৰৰো বুজিয়া মজ্জা সদায়ে কৃষ্ণক ভজা
 হৈয়ো এক শৰণ কৃষ্ণত।
কৃষ্ণক কৰিয়ো সেৱ  কৃষ্ণসে পৰম দেৱ
 চিন্তা তান চৰণ মনত॥
মায়াৰো ভাঙ্গিব কাপ   তৰিবা যাতনা তাপ
 যমৰো গুচিবে সব দায়।
যাৰ নাম লৈলে তৰি   হেনসে বান্ধৱ হৰি
 ইহ পৰলোকৰ সহায়॥
তানে শুনা গুণ নাম   হস্তে কৰা তানে কাম
 মুখত নেৰিবা হৰি নাম।