এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।
অজ্ঞান অন্ধাৰে বন্ধ কৰিলে আমাক।
তুমি প্ৰিয় আত্মা নাথ নজানো তোমাক॥
তোমাক নপাই পুত্ৰ ভাৰ্য্যা বুলি মৰো৷
গুচায়ো কুবুদ্ধি বন্ধু চৰণত ধৰো॥
জানিয়ো নোৱাৰো মই নিয়মিব মন।
তোমাৰ চৰণে আৱে লৈলোহে শৰণ॥
(দশম, ১৮৪২-১৮৪৫)
৮। যাৰ নাম মাত্ৰে তৰি হেনয় বান্ধৱ হৰি
কৰি আছা হিয়াত নিবাস।
তাঙ্ক কৰি অনাদৰ অধম অবোধ নৰ
কৰৈ আন কৰ্ম্মত বিশ্বাস॥
সনিয়াত মাৰৈ গাষ্ঠি পিন্ধে গলে কাচ কাক্টি
কোচতে আছন্তে হেমহাৰ।
হাতৰ অমৃত তেজি মৰৈ যেন বিষ ভুঞ্জি
ভৈল সেহি পটন্তৰ তাৰ॥
সাধৈ মহা সৰ্ব্বসিদ্ধি ভকতৰ নৱ নিবি
মাধৱৰ অৰুণ চৰণ।
শৰণ লৈয়োক তাত নিতে হোৱে আয়ুপাত
অদ্যাপিও নেদেখা মৰণ॥
আন যত সব ধান্ধা নামক গলত বান্ধা
মৰণ সম্বল হৰি নাম॥
(প্ৰথম, ৮৮-৮৯)