পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

৯। ৰঘুপতি কি হৌক গতি,
 তোমাৰ চৰণে নাৰায়ণ।
 দাস বুলি নাৰায়ণ দিয়োক শৰণ॥

(কীৰ্ত্তন ঘোষা, ১০৭)

১০। নমো নমো কৃষ্ণ প্ৰভু কৰুণা সাগৰ।
 মোক নিজ দাস বুলি ধৰা দামোদৰ॥
 মোৰ সম মহাপাপী সংসাৰতে নাই।
 তুমি সম পাপহৰ কহিতো নাপায়॥
 এতেকে শৰণ লৈলো তযু চৰণত।
 পতিত পাৱন তুমি শুনো জগতত॥
 যেই লাগে তাকে কৰা তুমি পূৰ্ণকাম।
 সমাজিক লোকে ডাকি বোলা ৰাম ৰাম॥

(দ্বিতীয়, ৫২৩–৫২৪)

১১। হে কৃষ্ণদেৱ পৰি কৰো সেৱ
 তুমি মোৰ নিজ স্বামী।
থাকি হৃদয়ত  শিখাইলা যিমত
 তাহাকে ৰচিলো আমি॥
মই অতি জড়  ইটো কথা বৰ
 তুমিসি চৈতন্য হৰি।
নচুৱা যিমতে নাচো সেহিমতে
 তযু আজ্ঞা শিৰে ধৰি॥

(দ্বিতীয়, ৬৭৯)