পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

এতেক পঢ়িয়া  জানিয়া শুনিয়া
 থিৰ নোহে মতি মোৰ।
বৃথা গেল জন্ম   কৰিলো পৰম
 কতনো পাতক ঘোৰ॥
কলিত সম্প্ৰতি নভৈল ভকতি
 নপাইলো সাধু সঙ্গতি॥
মঞি দুৰ্বিনয় জানি কৃপাময়
 আপুনি কৰিয়ো গতি॥
তোমাৰ ভৃত্যৰ ভৃত্যৰো ভৃত্যৰ
 তাৰো ভৃত্য ভৈলো আমি।
মোক জগন্নাথ নকৰা অনাথ
নেড়িবা মাধৱ স্বামী॥

(নিমিনৱসিদ্ধ, ৩০৭-৩০৯)

৮। জনমৰো ফল মোৰ এহিসে নিশ্চয়।
মোক অনুগ্ৰহ এহি তোমাৰ হোৱয়॥
তোমাৰ ভৃত্যৰ ভৃত্য তাৰো ভৃত্য হৌক।
তাৰো ভৃত্য ভৃত্য তাৰো ভৃত্য বুলিয়োক॥
নেড়িবা সততে নাথ তুমি কৃপা কৰি।
এহিমতে ইটো বাক্য থৈলোহো সংহৰি॥

(ৰত্নাকৰ, ৬৮৫-৬৮৬)