পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৪। নমো যোগেশ্বৰ স্বামী  তযু নিজ ভৃত্য আমি
  হেন শিক্ষা দিবে মোক কোনে।
মুখ্যত অব মতি তোমাৰ চৰণে ৰতি
  নেড়ে যেন নাথ সৰ্বক্ষণে॥

(একাদশ, ১৯৪০১)

৫। ঐশ্বৰ্য্য জঞ্জাল নালাগে আমাক
 ছিণ্ডা মোৰ মোহ-পাশ।
কৰা, প্ৰভু দয়া  জন্মে জন্মে হৈবো
  তোমাৰ দাসৰো দাস॥

(কীৰ্ত্তন, ১৬৩১)

৭। কায়-বাক্য- মনে যিটো সাধু মহাশয়।
 তযু পাৱে মাত্ৰ এক কৰিলা নিশ্চয়॥
 জন্মে জন্মে হৈবোহো দাসৰো দাস তাৰ।
 মোৰ মনে গুণগণ নোড়োক তোমাৰ॥

(ৰত্নাকৰ ভাঃ, ৬৮১)

৭। ই জন্মত বাপ  নেড়াইলো সন্তাপ
 ভাৰত বৰিষ পায়া।
কৈত কালচোৰে  প্ৰাণ নেয় মোৰে
 পড়িবে মনুষ্য কায়া॥
তেজিয়া সকলে  চলিবো একলে
 দুৰ্ঘোৰ যম-কৰণে।
জানিয়া তথাপি  নভজো অদ্যাপি
 অভয়, তযু চৰণে॥