পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

নিতে আয়ু যায়  চেতনও নাই
  মই মহা বুদ্ধিহীন॥
মই অধমৰ  মাধৱ বান্ধৱ
  বুদ্ধিক নকৰা ভ্ৰংশ।
তোমাৰ স্মৰণ  প্ৰজাৰ পালন
 তোমাৰ কৃপায়ে আশ॥
তোমাৰেসে অংশ   যত জীৱ আমি
 তুমি মোৰ নিজ স্বামী।
প্ৰভু দামোদৰ  এতেকে গোচৰ
 তোমাৰেসে ভৃত্য আমি॥

(দ্বাদশ, ৫৩৭ - ৫৩৯)

 ভক্তিসে পদ লাভ জানি।
 বিষ্ণুক বোলন্ত হাসি বাণী॥
 × × ×

বাঞ্চে ফল তযু কৰি কৃত্য।
সিটো বাণিজ্যৰ নোহো ভৃত্য॥
তোমাৰ অকাম ভৃত্য আমি।
তুমিয়ো নিষ্কাম মোৰ স্বামী॥
নাহি কাম আমাৰ অন্যথা।
নুহি ৰাজ-সেৱকৰ যথা॥

(কীৰ্ত্তন, ৪৫০-৪৫২)

৩। কৃষ্ণৰ কিঙ্কৰ কহে শঙ্কৰে।
 বোলা হৰি হৰি সমস্ত নৰে॥

(কীৰ্ত্তন, ১৮৭৮)