পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী-


২৯।ৰাম-কৃষ্ণ গোপাল॥
 ত্ৰাহি ত্ৰাহি কৃপাল।

(কীৰ্ত্তন ঘোষা, ১১৬)

৩০ । ত্ৰাহি দেৱ দামোদৰ  যাদৱ নন্দন
 দীন দয়াশীল স্বামী।
 কৰাহা নিস্তাৰ  তোমাৰ চৰণে
  শৰণ পশিলো আমি॥

(কীৰ্ত্তন ঘোষা, ১১৭)

৩১। ত্ৰাহি সদাশিৱ শাৰ্ঙ্গপাণি।

(কীৰ্ত্তন ঘোষা, ১২৫)

৩২। ত্ৰাহি ৰাম নিৰঞ্জন  জীৱেৰ জীৱন
  মুকুন্দ মুৰাৰি।
 তোমাৰ চৰণে   পশিলো শৰণে
 নিয়োক মোক উদ্ধাৰি॥

(কীৰ্ত্তন ঘোষা, ১৩৪)

৩৩। স্বামী মোক পাৰ কৰা কৰুণাসিন্ধু
 সংসাৰ সাগৰে, আউৰ আন গতি—
 নাহিকে মাধৱ বান্ধৱ তোমাত পৰে॥

(কীৰ্ত্তন ঘোষা, ১৩৬)