পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
মহাপুৰুষ শংকৰদেৱৰ বাণী

পাৱে পৰি কৰো মই কাকূতি প্ৰকটে।
নছাড়িবা নাথ মোক মৰণ সঙ্কটে৷৷
জানো ভকতি ৰতি প্ৰণতি তোমাৰ।
মই অনাথক বন্ধু কৰিয়ো উদ্ধাৰ৷৷
তুমি মহা কৃপাময় জগতে বিদিত।
মই মহা পামৰ পশুতো গৰিহিত॥
জানি যেন যুৱাই কৰা বান্ধৱ মাধৱ।
বোলা ৰাম ৰাম কৰা পাপ পৰাভৱ৷৷

(নিমিনৱসিদ্ধ, ৪০৬–৪১৩)

২৬। গোপাল কৃপাল পালিয়ো বাপ
 পাপ পয়োধিত মৰো৷
 ইজন্মত বাপ   নভৈল ভকতি
 পাতকী কিমতে তৰো।

(কীৰ্ত্তন ঘোষা, ১০৩)

২৭। নমো দামোদৰ হৰি।
 নিয়োক নাথ উদ্ধাৰি।৷

(কীৰ্ত্তন ঘোষা, ১০৪)

২৮। ওঁ হৰি নমো নাৰায়ণ
 চৰণে মাগো তৰণ উপায়।
 তোমাৰ ভকতি বিনে বাসুদেৱ
 বৃথা আয়ু বহি যায়৷৷

(কীৰ্ত্তন ঘোষা, ১১১)


১৩