পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

হেন অনুমানি  কৃষ্ণৰ কাহিনী
 শুনিয়া হুয়ো সন্তোষ।
আন কাম এড়ি  সমাজ্যায়ে বেঢ়ি
 কৰিয়োক হৰি ঘোষ৷৷

(কীৰ্ত্তন ঘোষা, ৬৪১-৬৪২)

২৭ । কৃষ্ণৰ কিঙ্কৰ গীত ভণিল শঙ্কৰে।
 নাহি আন ধৰ্ম্ম আৰ কীৰ্ত্তনত পৰে॥
 শুনা সৰ্ব্বজন আৰ কেদিন জীৱন।
 বোলা হৰি হৰি আছে যাৱত চেতন॥

(কীৰ্ত্তন, ১৩১৩)

২৮ । ভণিলা শঙ্কৰে  শুনা সৰ্ব্ব নৰে
 নকৰিবা জন্ম বৃথা।
 শ্ৰৱণতে সুখে  মোক্ষ পদ পায়
 শুনা হেন কৃষ্ণ কথা॥
 হৰিৰ কীৰ্ত্তন  কৰিয়া পাপৰ
 মুণ্ডত মাৰিয়ো বাড়ি।
 আন কাম এড়ি  বোলা হৰি হৰি
 পলাওক পাতক ছাৰি॥

(কীৰ্ত্তন, ১৩৯১)

২৯ । হৰিৰ চৰণ চিন্তিয়ো চিত্ত হৃদয়ে সৰ্ব্বথা।
 মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা॥

(কীৰ্ত্তন ঘোষা, ১১৮)