পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

ইন্দ্ৰিয়বৰ্গক  নিৰুধিলে অতি
 নিৰ্ব্বিষয় ভৈল মতি।
তবু কৰ্ম্ম-বন্ধ এড়াইবে নপাৰে
 হৰিত নকৰে ৰতি॥

(ৰত্নাকৰ ভাঃ, ৩৭৪—৩৭৫)

১। প্ৰথমতে মোক  এক চিত্তে স্মৰি,
 তুমি হোৱা মহা শুদ্ধি॥
 জগত ব্যাপক  নিৰ্ম্মল পুৰুষ
 মোত আছে যত লোক।
 চিদানন্দময়  মঞি নিৰঞ্জন
 জানিয়া স্মৰিয়ো মোক॥

(ভক্তিপ্ৰদীপ, ১২২)

১১। যেন ফল পাৱে যত যজ্ঞ তুল-দানে।
 যেন ফল পাৱে কোটি তীৰ্থ-স্নানে॥
 পৰম সন্ন্যাসে সাধে যি গতি মৰণে।
 পাৱে সৱ ফল এক নাম সুমৰণে॥

(ভক্তিপ্ৰদীপ, ১৬৩)

১২। হৰিক স্মৰণে জগতৰে পুণ্য পায়॥
 হৰিনাম বিনে নাই তৰণ উপায়॥

(দশম, ১৫৩২)