পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৬। যাহে নাম-গুণ মুখে গাই।
 পাপী পৰম পদ পায়ি॥
 ওহি ভৱ-তাপ অপাৰা।
 যাহে স্মৰণে কৰু পাৰা॥

(ভট্টিমা, ৰাম বিজয় নাট)

৭। হে হৰি প্ৰেম  ভাৱে তযু পদ
 স্মৰণ অতি দুৰ্ল্লভ।
 যেন মন মোৰ   অহৰ্ণিশে মাত্ৰ
 স্মৰণ হোক সুলভ |

(ৰত্নাকৰ ভাঃ ৩৭৭)

৮। তোমাৰ চৰণ  স্মৰে যিটো জন
 মনত নিশ্চয় কৰি।
 সিটো ভকতৰ  এতেকে মোক্ষক
 দিয়া প্ৰভু দেৱ-হৰি॥

৯। কৃষ্ণৰ চৰণ  পঙ্কজ দুটয়
 প্ৰকাশ আতি কৰয়॥
 তাহাৰ স্মৰণ  মাত্ৰকে যিমত
 কৰ্ম্ম-বন্ধ দূৰ হয়।
 কদাচিতো যতী  সকলো যিমতে
 কৰ্ম্ম-বন্ধ নেড়াৱয়॥