পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 হেন জানি বিষ্ণু-নাম স্মৰিবা সতত।
 কদাচিতো বিস্মৰণ নুহিবা মনত॥
 অভক্ষ্য ভক্ষণ আদি যত পাপচয়।
 বিষ্ণু বিস্মৰণৰ কিঙ্কৰ সমস্তয়॥
 পাহৰিলে বিষ্ণুক সিজয় পাপগণ।
 এতেকে বিষ্ণুক নুহিবাহা বিস্মৰণ॥

(ৰত্নাকৰ ভাঃ ৩৬০—৩৬২)

৪। যি কথা কহিলো সখি! আত কোন চিত্ৰ।
 কোটি কোটি তীৰ্থে যাক নকৰে পবিত্ৰ॥
 নাহি সিদ্ধি কোটি প্ৰায়শ্চিত্ত আচৰেণ।
 তাকো শুদ্ধি কৰে এক নাম সুমৰণে॥
 মোৰ নাম জানা সখি বাড়ব অগনি।
 পাতক শুখান বন লাগে তাতে চনি॥
 হওঁ অনুকূল মই প্ৰচণ্ড বতাস।
 তিলেক নলাগে দহি কৰো সৰ্ব্বনাস॥

(ভক্তিপ্ৰদীপ, ১৯১—১৯২)

৫। হৰিৰ নামক যিটো কলিৰ যুগত॥
 আপুনিও স্মৰয় আনকো স্মৰাৱয়৷
 সেহি ধন্যত্তম জানা পূজ্য অতিশয়॥
 সেহিসে হোৱয় মহা সুহৃদ পৰম৷
 ভাতু মিত্ৰ পুত্ৰ আদি কেহো নোহে সম॥

(ৰত্নাকৰ ভাঃ, ৭৪১)