পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৶৹

গ্ৰহণ কৰে। সেই দিন ধৰি এই ঠাই ধৰ্ম্মালোচনাৰ প্ৰধান কেন্দ্ৰ হয় আৰু এই ধৰ্ম্ম প্ৰচাৰৰ আন্দোলন বৰ প্ৰৱল বেগেৰে চলিবলৈ ধৰে। তাৰ ফল স্বৰূপে এই ভগৱতী ধৰ্ম্ম গোটেই উজনি তাঞ্চলত বিয়পি পৰে। এই ঠাইতে দুজন গুৰু ১৪ বছৰ কাল বাস কৰে। তাৰ পিচত আন কিছুমান ভকত লগত লৈ তেওঁলোক নাৱেৰে ভটিয়াই গৈ কামৰূপ সোমায় আৰু কাপালাত নামে। অসম ৰজাৰ অসহানুভূতি, কোচ ৰজা নৰনাৰায়ণৰ পাণ্ডিত্য আৰু ধৰ্ম্মানুৰাগৰ বাতৰি আৰু কামৰূপ অঞ্চলত ধৰ্ম্ম-প্ৰচাৰৰ ইচ্ছাই এই স্থানান্তৰৰ কাৰণ বুলি চৰিত্ৰৰপৰা জনা যায়। কাপালা ভোগৰ ঠাই, কিন্তু অস্বাস্থ্যকৰ। তাত কেবাজন ভকতৰ পৰলোক প্ৰাপ্তি হয় আৰু মাধৱদেৱৰ মাতৃ-বিয়োগ হয়। সেই কাৰণে তেওঁলোকে ৬ মাহৰ পাচতে সেই ঠাই এৰে। শঙ্কৰদেৱে গৈ প্ৰথমে চূণ-পৰাত ৬ মাহ, তাৰ পিচত কুমাৰকুছিত এবছৰ থাকি, তাত অসুবিধা পাই, শেষত পাটবাউসিলৈ গৈ তাতে স্থায়ী ভাৱে বাস কৰে। এই ঠাইৰ পৰাই বহুত শিষ্য-ভকত লগত লৈ তেওঁ প্ৰায় ৯১ বছৰ বয়সত দ্বিতীয় বাৰ তীৰ্থলৈ যায় আৰু ছমাহৰ মুৰত উলটি আহে। এই পাটবাউসিতে শ্ৰীমন্ত শঙ্কৰ- দেৱৰ ধৰ্ম্ম-প্ৰচাৰ আৰু শাস্ত্ৰ-প্ৰণয়নে ধৰ্ম্ম-সমাজত এক