পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৬ । হৰি কথামৃত কণাৰ বাৱে।
 দুনাই আত্ম-জ্ঞান সুমৰাৱে॥

(কীৰ্ত্তন, ১১৫)

৭ । শ্ৰৱণ-কীৰ্ত্তন এড়ি আন কৰ্ম্ম কৰে।
 পাৱে শ্ৰম বিফলে কলিত সিটো মৰে॥
 অধৰ্ম্মে খেদাইবে ধৰ্ম্ম কৈতো নপাই ঠাই।
 হৰি ভকতিত আছে শৰণ সোমাই॥
 আচৰি ভকতি যিটো গুণ-নাম গাৱে।
 সি সি জনে সমস্ত ধৰ্ম্মক লাগ পাৱে॥

(দ্বাদশ, ১৮৯—১৯০)

৮। মনুষ্য শৰীৰ পায়া যিটো নৰগণ।
 নকৰে তোমাৰ যিটো শ্ৰৱণ-কীৰ্ত্তন॥
 বিফলে জনম গৈল ভৈল সৰ্ব্বনাশ।
 জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস॥

(কীৰ্ত্তন, ১৫৫৪)

৯ । বিষ্ণু বৈষ্ণৱৰ কথা দুয়ো সমতুল।
 শ্ৰৱণ-কীৰ্ত্তনে কৰে পাপক নিৰ্ম্মূল॥
 চাণ্ডাল পৰ্য্যন্তে কৰে সৱাকে পৱিত্ৰ।
 জানি নিৰন্তৰে শুনা বৈষ্ণৱ চৰিত্ৰ॥

(হৰিশ্চন্দ্ৰ উপাখ্যান, ৪)