পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

যাত্ৰা মহোৎসৱ-চয় কৰিব আমাৰ।
দিবেক আমাক নানা পুষ্প উপহাৰ॥
ধৰিব আমাৰ ব্ৰত সাৱধান মনে।
থাপিব প্ৰতিমা মোৰ শ্ৰদ্ধায়ে যতনে॥
অনেকে একত্ৰ হুয়া কৰিবে উদ্যম।
নিৰ্ম্মিব মোহোৰ পুৰি মন্দিৰ উত্তম॥
উপবন উদ্যান কৰিব ক্ৰীড়া-স্থান।
সৰ্জিব লিপিব গৃহ হুয়া সাৱধান॥
দাসে যেন আমাৰ কৰিব কৰ্ম্মচয়।
তেজিব কপট দম্ভ মান সমস্তয়॥
মোৰ ধৰ্ম্ম কৰিয়া কাহাকো নাভাবিব।
মোতে দ্ৰব্য নিবেদিয়া স্বীকাৰ কৰিব॥

(ৰত্নাকৰ ভাঃ, ৪৫০—৪৫৬)

২ । দেৱৰো দেৱতা হৰি  জানিয়া যতন কৰি
 লৈয়ো এক শৰণ কৃষ্ণত।
 গাৱা নাম-গুণ-গীত  কৰিয়া একান্ত চিত
 তেবে থান পাইবা বৈকুণ্ঠত॥
 শুনিয়োক অভিপ্ৰায়  আতপৰে পুণ্য নাই
 হোৱৈ শুদ্ধ মহা-অন্ত্যজাতি।
 পৰম বান্ধৱ নাম  যিটো লৱৈ অবিশ্ৰাম
 তাৰ সাত কাৰ্য্য সাধৈ আতি॥
 দহৱৈ পাতকগণ  পুণ্য কৰৈ উপাৰ্জ্জন
 বিৰকতি মিলৈ বিষয়ত।