পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৪০ ৷ ভোগ্য ক্ষয় হোৱৈ কৰ্ম্ম ধৰ্ম্ম মায়াময়।
 শ্ৰৱণ-কীৰ্ত্তন ধৰ্ম্ম পৰম অক্ষয়॥
 পুত্ৰ ধন জন লাভ সকলে অসাৰ।
 এতেকে উত্তম লাভ ভকতি আমাৰ॥

(একাদশ, ২২২)

⸻⸻

ভক্তিৰ লক্ষণ

১ । একাদশ স্কন্ধে একাদশ অধ্যায়ত।
 ভকতিৰ লক্ষণ কহন্ত উদ্ধৱত॥
 মোহোৰ ভকত আৰো মোৰ প্ৰতিমাক।
 পৰশিব দেখিব বুলিব তুতি বাক॥
 পৰিচৰ্য্যা পূজা আৰো কৰিব বন্দন।
 গুণ-নাম-কৰ্ম্ম সদা কৰিব কীৰ্ত্তন॥
 হৈবে অতি শ্ৰদ্ধা মোৰ কথা শ্ৰৱণত।
 কৰিবেক ধ্যান মাত্ৰ মোকেসে সতত॥
 সমস্তকে অৰ্পিব আমাক দিয়া পাৱে।
 মোকে মাত্ৰ দেহক অৰ্পিবে দাস ভাৱে॥
 কেৱলে মোহোৰ জন্ম কৰ্ম্মক কৰিব।
 পৰ্ব্বে পৰ্ব্বে মোহোৰসে আনন্দ কৰিব॥
 গাৱে গীত বাৱে বাদ্য নাচিব প্ৰত্যেক।
 গোষ্টি হুয়া মোৰ গৃহোৎসৱ কৰিবেক॥