পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৩০। ও হৰি নমো দামোদৰ,
 যাদৱ দুঃখ নিবেদিবো কত।
 নভৈল ভকতি ইহ মনুষ্য জন্মত॥

(কীৰ্ত্তন, ৩৮)

৩১। হে কৃষ্ণ কৰা কৃপা পৰমানন্দ।
 নজানো ভকতি মই মলমতি মন্দ॥

(কীৰ্ত্তন, ৯৭)

৩২। ৰাম পাৱে কৰা ৰতি।
 ভাই! ৰাম চৰণে গতি॥

(কীৰ্ত্তন, ৯৮)

৩৩ ৷ গোপাল কৃপাল  পালিয়ো বাপ
 পাপ পয়োধিত মৰো।
 ইজন্মত নাথ  নভৈল ভকতি
 পাতকী কিমতে তৰো॥

(কীৰ্ত্তন, ১০৩)

৩৪। ও হৰি নমো নাৰায়ণ।
 চৰণে মাগো তৰণ উপায়॥
 তোমাৰ ভকতি বিনে বাসুদেৱ।
 বৃথা আয়ু বহি যায়॥

(কীৰ্ত্তন, ১১১)