পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 হৰিসে পৰম ধ্যেয় হৰি মাত্ৰ পূজ্য।
 কহিলোহো তোমাসাত এহি মহা গুহ্য॥

(ৰত্নাকৰ ভাঃ, ৪৭০—৪৭১)

২৫। আন ক্ষুদ্ৰ দেৱতাত যদি নেদে মতি।
 মহা দুৰাচাৰ কৰে আমাত ভকতি॥
 সেহিসে পৰম সাধু জানা মহাশয়।
 যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়॥
 এতেকে নোছোৱে পাপ পুণ্য কলেৱৰ।
 পৰম মুকুতি পাত্ৰ হোৱে সিটো নৰ॥
  ... ... ...
 দুৰাচাৰো তৰে আতি আত কোন চিত্ৰ।
 চণ্ডালকো কৰৈ ঘোৰ ভকতি পৱিত্ৰ॥

(একাদশ, ১৯২৮৩—১৯২৮৫)

২৬। এড়িলেক যিটো আন দেৱত ভকতি।
 একে মাধৱক মাত্ৰ ভঞ্জে দৃঢ়মতি॥
 তাহাৰ পাতক যদি সিজে প্ৰমাদত।
 নাশ হোৱে সিটো ঈশ্বৰৰ প্ৰসাদত॥

(নিমিনৱসিদ্ধ, ৩৯৮)

২৭। যত পঞ্চভূত ইন্দ্ৰিয় দেৱ।
 তোমাৰ ৰূপক নজানে কেৱ॥