পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 সেহিমতে মোৰ  স্বৰূপ পাৱয়
 চিত্তে মোক সদা স্মৰি॥
 এতেকে অন্যত্ৰ  সাধন যতেক
 যত তাৰ ফল হয়।
 স্বপ্ন মনোৰথ  যেন সিটো হৱে
 জানিলে যাক হাসয়॥

(ৰত্নাকৰ ভাঃ, ৩৭৯)

২২। মুকুতিকো স্ৰৱে  তোমাৰ ভকতি
 তাক এড়ি হোৱে নাশ।
 জ্ঞানতেসে মোক্ষ  পাবো বুলি কৰে
 বিবিধ যোগ-অভ্যাস॥

(দশম, ৪৯২)

২৩। নমাগোহো সুখ-ভোগ নলগে মুকুতি।
 তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি॥

(অষ্টম, ১০৪৪)

২৪। বোলন্ত যতেক ধৰ্ম্ম আছয় সকল৷
 ভকতি বিনে সিটো কৰ্ম্ম শ্ৰমসে কেৱল॥
 ভকতি প্ৰধান ধৰ্ম্ম এতেকে সদাই।
 সহজতে আচৰিব পৰম শ্ৰদ্ধাই॥
 নিশ্চয় কৰিয়া একে হৰিতেসে মন।
 কৰিব হৰিক সদা শ্ৰৱণ-কীৰ্ত্তন॥