পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

জাতি অজাভিক নবাচন্ত ভগৱন্তে।
পশু-পক্ষী বৃক্ষো মোক্ষ পাৱে হাত হন্তে॥
নিৰূপম হৰিৰ ভকতি নুহি বৃথা।

(দশম, ১২৩৩-১২৩৫)

১২।

তাহাৰ উত্তম জন্মে কিবা কৰিবেক।
কৰ্ম্মে বা তাহাৰ কিবা কাৰ্য্য সাধিবেক॥
দেৱৰ সদৃশ আয়ু যদি তাৰ ভৈল।
তথাপিতো তাৰ আয়ু ব্যৰ্থে বহি গৈল।
জানা শাস্ত্ৰ শুনয় কৰয় কিবা তাক।
অতি চাতুৰালি কৰি বোলে বহুবাক।
বল-বুদ্ধি যতেক চিত্ৰৰ বৃত্তিচয়।
যোগ সাংখ্যে সন্ন্যাসে বা কি কাৰ্য্য সাধয়॥
বেদ-পাঠ ব্ৰত-দান তীৰ্থ-স্নান কৰে।
আৰো নানা শ্ৰেয়ঃ সব সাধন আচৰে॥
হৰিক নজানে যিটো সবে ব্যৰ্থতাৰ।
হৰি-ভক্তি বিনে মহা ফল নাহি আৰ॥

(ৰত্নাকৰ ভাঃ, ৮৯১-৮৯৪)

১৩।

 পঢ়ি শুনি নাপায় তৎ।
চাই থাকে কাণী বগলীৰ মত॥

(ফকৰা)

১৪।

 তৃপ জপ-সন্ন্যাস পৰম মুহাদানে।
নপাৱে আমাক সখি যোগ মহাজ্ঞানে॥