পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৩। নিষ্ট কৰি কহোঁ সাৱধানে শুনা তুমি।
 ভকত যথাত থাকে সেহি পুণ্যভূমি।

(একাদশ, ১৯৩৭১)

৪। ধৰ্ম্ম হোম ব্ৰত তীৰ্থত স্নান।
 যতেক আছে মহাযজ্ঞ দান॥
 তাক এৰে কৰে নামক সৰি।
 কতনো যাতনা ভুঞ্জিবে মৰি॥

(কীৰ্ত্তন, ৫৩)

৫। সমস্ত তীৰ্থত শ্ৰেষ্ঠ কৃষ্ণৰ চৰিত্ৰ।
 সৰ্ব্বদেৱ শ্ৰেষ্ঠ কৃষ্ণ নাহি আত ছিদ্ৰ॥

(ৰত্নাকৰ, ৩৪৪)

৬। তীৰ্থ বুলি কৰে জলত শুদ্ধি।
 প্ৰতিমাত কৰে দেৱতা বুদ্ধি॥
 বৈষ্ণৱত নাই ইসব মতি।
 গৰুতো অধম কৃষ্ণ বদতি॥

(কীৰ্ত্তন, ১৩৩)

৪। তীৰিথ বৰত তপ জপ যাগ যোগ যুগুতি।
 মন্ত্ৰ পৰম ধৰম কৰত নাহি মুকুতি॥

(বৰগীত, ৯)

⸺ ⸺