পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


১০। জ্ঞান পথ এড়ি প্ৰভু তোমাৰ কথাক।
কায়-বাক্য-মনে সেৱে যিটো সাধুজাক
যদ্যপি অজ্ঞিত তুমি তিনিও জগতে।
তথাপি তোমাক জিনে সেহিসে ভকতে॥
মুকুতি ৰসকো স্ৰৱে তোমাৰ ভকতি।
তাক এড়ি যিটো জ্ঞান পথে কৰে ৰতি॥
ক্লেশ মাত্ৰ পাৱে সিটো নিস্ফল প্ৰয়াসে।
বাহানে পতান যেন তণ্ডুলক আশে॥ ,

(কীৰ্ত্তন, ৭৪৫–৬)

১১। নছাৰে কৰ্ম্মক শোক দুঃখ প্ৰতিদিনে।
 জ্ঞানতো নাহিকে গতি ভকতি বিহিনে ॥

(একাদশ, ১৯২৭৪)

তীৰ্থ

১। শুনা সামাজিক জন  যথা জগন্নাথ কথা
  তথা পুণ্য তীৰ্থৰ নিবাস।
সেহিসে নিৰ্গুণ স্থান  তৈতে সিজে যজ্ঞ দান
 হৰি হোন্ত তথাতে প্ৰকাশ॥

(প্ৰথম, ৮৭)

২। তোমাৰ চৰণ চিন্তি  যথাত ভকত থাকে
 সেহি পুণ্য সেহি তীৰ্থস্থান।

(কীৰ্ত্তন,১৬৬৯)