পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৬। পৰম জ্ঞানৰ কৰ্ম্মত কৰিয়া।
 তকতিসে শ্ৰেষ্ঠ আতি।

(ষষ্ঠ, ৮১)

৭। জ্ঞানৰ যোগৰ কথা সখি শুনিয়োক॥
ভক্তি-হীন জ্ঞান-যোগ যি জনে আচৰে।
নাহি একো ফলমাত্ৰ দুঃখ কৰি মৰে॥
স্বৰ্গকো নপাৱে শুধা জ্ঞান-যোগ বলে।
যেন কাষ্ঠ পতানক বাহনে, নিস্খলে॥
মৎস্য আশা কৰে যেন বৃষ্টিৰ জলত।
শুধা জ্ঞান-যোগ জানা সখি সেহিমত॥

(ভক্তি প্ৰদীপ, ১৯-২০)


৮। জ্ঞানতেসে মুক্তি  পাবো বুলি কৰে
 বিবিধ যোগ অভ্যাস।
দুঃখ মাত্ৰ পাৱে  পাছতেসে জানে
 পৰম সিটো অজ্ঞান।

(দশম, ৪৯২)

৯। জ্ঞানে গতি কৱৈ বেদ  লৈয়া তাৰ পৰিৰ্চ্ছেদ
 আছে জ্ঞান ভকতিৰ মাজে।
ভকতি কৰন্তে জান  আনি উপজৈ জ্ঞান
 যোগ চিত্তি মৰে নিজ কাজে॥

(একাদশ, ২০০)