পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


কিবা প্ৰীতি সাবিবেক গৃহ পুত্ৰাদিত।
এহিহেতু অনিত্য থাকয় কদাচিত॥

(ৰত্নাকৰ ভাঃ, ৯৯৮-৯)

১৯। মায়ায়ে মোহিত হৈয়া কৰ্ম্মক বাখানে॥
 বেদৰ পুষ্পিত বাক্যে মতি ভৈল যাৰ।
 তপ-জপ যজ্ঞাদিক দেখিলেক বৰ।৷
 এতেকে দুষ্কৰ মহা কৰ্ম্ম প্ৰৱৰ্ত্তিল।
 নজানিয়া হৰিৰ নামক নকহিল॥
 অস্পষ্ট কঠিন মহা দুষ্কৰ কৰ্ম্মত।
 প্ৰাকৃত লোকৰ শ্ৰদ্ধা তাতেসে সতত॥
 স্পষ্ট নাম ৰাম-কৃষ্ণ অলপ অক্ষৰ।
 নাহিকে ইহাত ৰতি প্ৰাকৃত লোকৰ॥

(ৰত্নাকৰ ভাঃ, ৩২১- ২৩)


জ্ঞান-যোগ

১। ভকতি বিহীন জ্ঞান-কৰ্ম্ম সৱে ব্যৰ্থ।
 কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ॥

(প্ৰথম, ৪১)