পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১০। সুৱৰ্ণৰ মল যেন অগ্নিসে হৰয়।
 অগ্নি বিনা আন একো মতে নুগুচয়॥
 সেহি মতে যোগীৰো অশুভ যত যত।
 বিষ্ণুসে কেৱল তাক হৰন্ত সমস্ত॥
 দুৰ্ব্বাসনা গুচাইতে যোগাদি নপাৰয়।
 তপ জপ প্ৰাণায়াম দেৱ উপাসয়॥
 প্ৰাণীত কৰয় মৈত্ৰী যত তীৰ্থ স্নান।
 আনো নানা ধৰ্ম্ম যত জপ যজ্ঞ দান॥
 আত্যন্তিক মনৰ শুদ্ধিক নলভয়।
 হৰিক হৃদয়ে ধৰি যেন শুদ্ধি হয়॥

(ৰত্নাকৰ ভাঃ, ৭৩০—৭৩২)

১১৷ মছাড়ে কৰ্ম্মক শোক-দুঃখে-প্ৰতি দিনে।
 জ্ঞানতো নাহিকে গতি ভকতি বিহীনে॥

(একাদশ, ১৫২)

১২। হৰিৰ ভকতি হীন যত কৰ্ম্মচয়।
 জীৱক কেৱলে মাত্ৰ বন্ধন কৰয়॥

(ৰত্নাকৰ, ৯০৫)

১৩। পৰম জ্ঞানৰ কৰ্ম্মত কৰিয়া
 ভকতিসে শ্ৰেষ্ঠ আতি।
 ভকতি কৰিলে  পৰম পৱিত্ৰ
 হোৱে মহা অন্ত্যজাতি॥

(ষষ্ঠ, ৮১)