(২)
আছে, কোটি কোটি জন্মৰ পুণ্যৰ বলেৰেহে মানুহে সজ লোকৰ ঘৰত জন্ম লৈ বিদ্বান, সাধু আৰু পৰোপকাৰী হব পাৰে। এই মোহন দাস গান্ধীৰ ওপৰিপুৰুষ সকলো সেইদৰে নানা জন্মৰ সঞ্চিত সুকৃৰ্ত্তিৰ ফালেৰে ভাৰতৰ সৌভাগ্যৰ হেতু অৱতৰণ হৈ জগতৰ পুঞ্জিকৃত পুণ্য স্বৰুপ মানৱ সূৰ্য্যমোহন দাস গান্ধীক উদ্ভৱ কৰিলে।
যেতিয়া ধৰ্ম্মৰ গ্লানী হৈ অধৰ্ম্মৰ প্ৰাদুৰ্ভাব হয়, তেতিয়া অধৰমীক বিনাশ কৰি সাধু আৰু সত্যক ৰক্ষাৰ কৰিণে স্বয়ং ভগৱানে মনুষ্যৰূপে অৱতাৰ হয়। ই শাস্ত্ৰৰ সন্মত আৰু যুগে যুগে ঘটি থকা স্বাভাৱিক ৰীতি। পৃথিবী হবৰে পৰা প্ৰাণীৰ উৎকৰ্ষ সাধনলৈকে দশ অৱতাৰ আৰু মানুহৰ চৰিত্ৰ পৰিবৰ্ত্তন কৰি ধৰ্ম্মনীতি ও ৰাজনীতি সালসলনি কৰিবৰ নিমিত্তে চতুব্বিংশতি অৱতাৰৰ কথা উল্লেখ আছে। এই প্ৰত্যেকটো অৱতাৰতেই ধৰ্ম্ম আৰু ৰাজনৈতিক পৰিবৰ্ত্তনৰ কথা উল্লেখ আছে। এই সকলৰ বাহিৰেও পৃথিবীত কিমান যুগমানবে গঙ্গাৰ দৰে আবিৰ্ভাব হৈ মনুষ্য সমাজক সদাই পখালি আছে, তাৰ লেখ পোৱা অসম্ভৱ। ভাৰতত কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিচৰ পৰাই চক্ৰবৰ্ত্তী ৰজাৰ অভাৱ হল। তেতিয়াৰ পৰাই ভাৰত খণ্ড বিখণ্ড হৈ সৰু সৰু নানা ৰাজ্যত বিভক্ত হল। ৰজা সকলৰ স্বেচ্ছাচাৰী আৰু অহঙ্কাৰী দোষত মিলা-প্ৰীতিৰ ভাৱ সমূলি নাছিল। সেইবাবেই ১১৯৩ খৃষ্টাব্দত খাটি হিন্দুস্থানত