সমললৈ যাওক

পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীশ্ৰীহৰি সহায়॥

—: মহাত্মাৰ সংক্ষিপ্ত জিৱনী :—

বংশ পৰিচয়

 গান্ধী শব্দে গলামাল বিক্ৰি কৰা দোকানীক বুজায়। ই গুজৰাটি ভাষাৰ শব্দ। বাঙ্গালাত সুদি, আমাৰ ভাষাত দোকানী বুলিয়েই কয়। ইং ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধীজীৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম কাবা বা কৰম চাঁদ গান্ধী। মাকৰ নাম পুতলীবাই। জন্ম স্থান গুজৰাট প্ৰদেশৰ পুৰন্দৰ নামে ঠাই। ব্যৱসায় হিচাবে যদিও ওপৰি পুৰুষে গলামালৰ দোকানী কাম কৰিছিল, কিন্তু তিনি পুৰুষৰ আগৰ পৰা পুৰন্দৰ ৰজাৰ মন্ত্ৰীত্ব কৰিছিল। কৰমচাঁদ গান্ধীয়ে শেষ জীৱনত ৰাজকোট আৰু ভাঁৰাকানৰ দেৱান কাম কৰি ৰাজকোটৰ পৰা পেন্সন লাভ কৰিছিল। ভাৰতৰ পশ্চিম ফালৰ কোনো কোনো লোকে নিজ নামৰ লগতে বাপেকৰ নামটোও লগ লগাই লয়। সেইবাবে তেখেতৰ নিজ নাম মোহনদাস হলেও পিতাকৰ নামে সৈতে মোহনদাস কৰমচাঁদ গান্ধী বুলি লিখে। মহাত্মাৰ ওপৰি পুৰুষ সকল বিদ্বান, সৰল প্ৰকৃতিৰ আৰু সমাজৰ নেত্ৰীস্থানীয় লোক আছিল। শাস্ত্ৰত লিখা