( ৩৬ )
১৯১৭ চনত চম্পাৰণৰ নীল-বাগানৰ কুলিৰ দুৰ্গতি দূৰ কৰিবলৈ সত্যাগ্ৰহ কৰি কৃতকাৰ্য্য হয়। উক্ত চনতে বোম্বাই কুলিৰ ৰপ্তানী বন্ধ কৰিবলৈ সত্যাগ্ৰহ কৰি কৃতকাৰ্য্য হয়। আকৌ সেই চনতে আহমদাবাদৰ শ্ৰমিকৰ দৰমহা বৃদ্ধিৰ বাবে সত্যাগ্ৰহ কৰি কৃতকাৰ্য্য হয়।
১৯১৮ চনত গুজৰাটৰ খেদাত খেতি মৰা মাটিৰ খাজানা মাফৰ কাৰণে সত্যাগ্ৰহ কৰি কৃতকাৰ্য্য হয়।
১৯১৯ চনত ৰাউলত আইন অমান্য কৰি সত্যাগ্ৰহ কৰে।
১৯২০ চনত জালিৱানৱালাবাগৰ হত্যা-কাণ্ডত অহিংসা নীতিৰে অসহযোগ আন্দোলন আৰু খিলাফত আন্দোলন চলোৱাৰ বাবে নিৰ্য্যাতন ভুাগী সত্যাগ্ৰহ কৰে।
১৯২৪ চনৰ ত্ৰিবাঙ্কুৰৰ ভাইকমত অস্পৃশ্য সকলৰ মন্দিৰ প্ৰবেশ অধিকাৰৰ বাবে সত্যাগ্ৰহ কৰি কৃতকাৰ্য্য হয়। ১৯২৭ চনত মাদ্ৰাজত নীল চাহাবৰ মূৰ্ত্তি আতৰাবলৈ সত্যাগ্ৰহ কৰি নিৰ্য্যাতন ভোগে আৰু কৃত কাৰ্য্য হয়।
১৯২৮ চনত গুজৰাটৰ বৰদোলীত বঢ়া খাজানা কমাবলৈ সত্যাগ্ৰহ কৰি নানা নিৰ্য্যাতন ভূগী কৃত-কাৰ্য্য হয়। ১৯৩০ চনত আইন অমান্য আন্দোলন কৰি জেলত পৰে। ১৯৩১ চনত মুক্তি পায়।
১৯৩১ চনত ছিৰাছি, ছিন্দাপুৰ আৰু হিৰেকপুৰৰ খেতিয়কৰ খেতি মৰা মাটিৰ খাজানা মাফ পাবৰ কাৰণে