সমললৈ যাওক

পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৩৫ )

হিন্দু। এই সংসাৰৰ যত ভোগ-বিলাস আৰু মদ-গৰ্ব্বৰ যত সম্মান, সেই সকলো বিলাক যে অস্থায়ী আৰু ঈশ্বৰ বিশ্বাসী সত্য-পৰায়ণ দৰিদ্ৰৰ পদ দলিত মাত্ৰ, তাৰ প্ৰমান পৃথিবীত চিৰ-দিনলৈ থৈ গল।


সত্যাগ্ৰহৰ তালিকা ⸺

দক্ষিণ আফ্ৰিকাত —

 ১৯০৬ চনত ভাৰতীয় লোকৰ উপকাৰৰ অৰ্থে সত্যাগ্ৰহ কৰি জেলত পৰে। ১৯০৭ চনত মুক্তি পায়।

 ১৯০৮ চনত একে কাৰণতে জেলত পৰি মুক্তি পায়।

 ১৯১৩ চনত ৩ পাউণ্ড টেক্স উঠাবৰ কাৰণে সত্যাগ্ৰহ কৰি জেলত পৰে। কৃতকাৰ্য্য হৈ মুক্তি পায়।

ভাৰতত —

 ১৯১৪ চনত বিৰাম গ্ৰামত অন্যায় মতে শুল্ক আদায় কৰা বাবদ সত্যাগ্ৰহ কৰে। জেললৈ নোযোৱাকৈয়ে কৃতকাৰ্য্য হয়।