সমললৈ যাওক

পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৩৪ )

আহিছে; তেতিয়া পুনঃ মহাত্মাই কংগ্ৰেচৰ নেতৃত্ব গ্ৰহণ কৰে। ১৯৪২ চনৰ আগষ্টত বোম্বাইত বহা কংগ্ৰেচ কমিটিৰ মনোনীত মতে বৰলাট ৰাজি নোহোৱাত মহাত্মাই গণ আন্দোলন চলাবলৈ আৰম্ভ কৰে। সেইবাবে অনেক নেতা আৰু মহাত্মাক ধৰি নি জেলত দিয়ে। জেলত থাকোতেই মহাত্মাৰ সহ-ধৰ্ম্মিনী স্বৰ্গী হয়। শৰীৰ অসুস্থ হোৱাৰ হেতুকে ১৯৪৩ চনৰ ৬ মেইত মহাত্মাক মুক্তি দিয়ে। ইয়াৰ পিচত আৰোগ্য লাভ কৰি সাম্প্ৰদায়ীক মিলন আৰু খাদ্দি প্ৰচলন আদি কামত খাটিবলৈ ধৰে। কলিকতাৰ হিন্দু মুছলমানৰ গোলমালত ৫ দিন আৰু পাঞ্জাবৰ তেনে গোলমালত ৬ দিন অনশন কৰে। মহাত্মাৰ অস্পৃশ্যতা বৰ্জ্জনত কিছুমান উচ্চ হিন্দুৰ স্বাৰ্থত আঘাত হোৱা বুলি ভাবি এটা দলে মহাত্মাৰ অমঙ্গল ঘটাবলৈ চেষ্টা কৰি ফুৰিছিল। এই কথা মহাত্মাই ভালদৰে জানিও একমাত্ৰ সত্য আৰু ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি তাৰ কোনো প্ৰতিকাৰৰ যত্ন কৰা নাছিল। বোধকৰো তেখেতৰ পবিত্ৰ আত্মাই এই পাপ কলুষিত নৰ্ক পুৰীত থাকিবলৈ ইচ্ছা নকৰি স্ব-ইচ্ছায় মৃত্যু বৰণ কৰিবলৈ ওলাইছিল। নিজে জানি শুনিও ব্যাধৰ হাতত আত্ম-সমৰ্পন কৰিলে। নাথুৰাম বিনায়ক গডছেৰ গুলিৰ আঘাতত ইহ-লীলা সম্বৰণ কৰিলে। ই অতি ভীষণ দিন আছিল, — ১৯৪৮ চনৰ ৩০ জানুৱাৰী। নাথুৰাম এটা শিক্ষিত মহাৰাষ্ট্ৰীয় উচ্চ