( ৫০ )
১৯১৪ চনত গান্ধীজীয়ে ভাৰতলৈ অহাৰ কথা মাননীয় গোখলেক জনালে। তেখেতে খবৰ পঠালে যে, তেওঁ যেন এবাৰ বিলাতত প্ৰবেশ কৰি ভাৰতলৈ আহে। গোখলেৰ কথা শিৰোধাৰ্য্য কৰি বিলাতলৈ গৈ ভাবিলে যে, যি মহাসমৰৰ সূচনা হব ধৰিছে তাত বৃটিছ প্ৰজা হিচাবে ইংলণ্ডক সহায় কৰা নিতান্ত উচিত। তাকে ভাবি ভাৰতীয় লোকৰ দ্বাৰা এটা সেৱা-দল গঠন কৰি শিক্ষা ললে। কিন্তু গান্ধীজীৰ প্ৰৱল ইচ্ছা থকা স্বত্ত্বেও শাৰিৰীক অসুস্থতা হেতু জোৰ কৰি ভাৰতলৈ পঠাই দিলে। দক্ষিণ আফ্ৰিকাত এছিয়াবাসী সকলৰ নিমিত্তে কৰা মহৎ ত্যাগৰ শলাগ স্বৰূপে ভাৰতীয় লোকে তেখেতক মহাত্মা উপাধিৰে বিভূষিত কৰিলে, আৰু ভাৰত চৰকাৰে মহা-সন্মানী “কাইজাৰ হিন্দ্” নামে সোণৰ পদক প্ৰদান কৰিলে। কিছু আৰোগ্য হোৱাৰ পিচতে মহাত্মাজীয়ে গোটেই ভাৰত ভ্ৰমণ কৰি আহমদাবাদৰ সবৰমতীৰ পাৰত এখন সত্যাগ্ৰহী আশ্ৰম পাতি শিষ্যবৰ্গ সহ তাতে বসতি কৰিলে।
১৯১৭ চনত নীল বাগানৰ কুলি বিলাকৰ দুৰ্গতি দূৰ কৰিবলৈ চম্পাৰণলৈ যায়। এই কাৰ্য্যত আইন অমান্য অপৰাধত শাস্তি ভোগ কৰে। অলপ দিনৰ পিচতে মুক্তি দিয়ে। তাৰ পিচত গিৰমিটিয়া কুলিৰ ৰপ্তানি বন্ধ কৰে। আহমদাবাদৰ মিলৰ বনুৱাৰ দুৰ্গতি দূৰ কৰিবৰ