সমললৈ যাওক

পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৩০ )

দলপতি বুলি চাৰিদিনৰ ভিতৰত ৩ বাৰ গ্ৰেপ্তাৰ কৰি অপৰাধৰ প্ৰমান নাপাই এৰি দিয়ে। আণ্ডোলন দমন কৰাৰ উদ্দেশ্যে ৪ৰ্থ বাৰ গ্ৰেপ্তাৰ কৰি ২ মাহ জেলত দিয়ে। তেতিয়া আইন অমান্য উৎপাত আৰু বেছি হে হল। গন্য-মান্য লোক সকলেও জেললৈ যোৱা আকাঙ্ক্ষা কৰি আন্দোলনত যোগ দি জেললৈ গল। তিৰোতা বিলাকেও লৰা-ছোৱালী কোলাত লৈ আইন অমান্য কৰি জেললৈ গল। ধৰ্ম্মঘট কৰা বহুৱা সকলৰ লগত কেইজন মান দলপতি যোগ হৈ গান্ধীজীৰ নিৰ্দ্দেশ মতে ট্ৰান্সভাল সোমাল গৈ। চৰকাৰে সোপাকে নি জেলত ভৰোৱাত গান্ধীজীৰ উদ্দেশ্য সিদ্ধি হল। এতিয়া চৰকাৰ ঘোৰ বিপন্ন, তিনি হাজাৰ লোকৰ খৰচ জোগাব লগা হল। অনেক লোকক সশ্ৰম কাৰাদণ্ড দি কামত লগোৱাত বহুতৰ প্ৰাণ হানি হল। নিৰুপায় হৈ ট্ৰান্সভাল চৰকাৰে ৩ পাউণ্ড টেক্স আৰু বনুৱা চুক্তি এক পাউণ্ড টেক্স উঠাই দিলে। মাটিৰ স্বত্ব, ভোটৰ অধিকাৰ আৰু ভাৰতীয় লোকৰ স্বধৰ্ম্ম মতে হোৱা বিবাহক বিবাহ বুলি গ্ৰাহ্য কৰিলে। সমুদায় ৰাজনৈতিক বন্দীক খালাচ দিলে। ২১ বছৰ জীবন পণ, অহিংসা যুদ্ধৰ পিচত ১৯১৪ খৃঃ অঃ ত গান্ধীজীয়ে অশেষ দুৰ্গতি ভূঞ্জি তীক্ষ্ণধাৰ অস্ত্ৰৰ আগত সুদূৰ আফ্ৰিকাত বিজাতীয় শাসনৰ মদ গৰ্ব্ব খৰ্ব্ব কৰি ভাৰতীয়ৰ অস্তিত্ত্ব স্থাপন কৰি পৃথিবীত চিৰ-স্মৰণীয় হল।