( ২৬ )
সহায় কৰিব এনে ধৰণৰ পিকেটিং কৰা স্বেচ্ছা সেৱক দলে দলে ওলাল। ১৯০৭ চনৰ ১লা আগষ্টৰ পৰা পাচদিয়া অফিচবিলাক খুলিলে, প্ৰকাশ্যভাৱে পাচ লোৱা মানুহ কোনো নোলাল। কিছুমান ধনী বেপাৰীয়ে ধনৰ মোহত ৰাতি ঘৰলৈ আফিচাৰ মাতিনি পাচ ললে। পাচ নোলোৱা অপৰাধৰ বাবে সৰ্ব্ব প্ৰথমে ৰাম সুন্দৰ নামে এজনক দুমাহ ফাটেকত দিলে। দ্বিতীয়তে গান্ধীজীক মুখীয়াল বুলি ধৰি নি দুমাহ ফাটেকত দিলে। ইয়াৰ পিচতে দলে দলে মানুহ অপৰাধী হৈ জেললৈ যাব ধৰিলে। ট্ৰান্সভাল চৰকাৰ নিৰুপায় হৈ এটা মিটমাট কৰিবলৈ বাহিৰত থকা ভাৰতীয় মানুহৰ লগত পৰামৰ্শ কৰিলে। সিবিলাকে একমাত্ৰ গান্ধীজীৰ ওপৰতে নিৰ্ভৰ কৰিলে। চৰকাৰী অফিচাৰ সকলে গান্ধীজীক জনালে, যদি চৰকাৰৰ সন্মান ৰাখি পাচ লয়, তেনেহলে এই আইন উঠাই দিয়া হব। অনেক ৰকম তৰ্কবাদৰ পিচত গান্ধীজীয়ে ভাবিলে যদি পাচ ললেই বিনা ক্লেশে এই আইন উঠি যায় তেন্তে পাচ লোৱাই ভাল। তাকে ভাবি সন্ধি পত্ৰত কেইবাজনো নেতাই চহি দিলে। গান্ধীজী সহ সমুদাই সত্যাগ্ৰহী কয়দীক খালাচ দিলে। পিচদিনা সভাপাতি পাচ লোৱাৰ উপকাৰ সকলোকে বুজায় দিলে।কেইজনমান পাঠানৰ বাহিৰে সকলোৱে সন্মতি দিলে। সেই কেইজনে গান্ধীয়ে ১৫ হাজাৰ টকা খাই গোটেই জাতিটোক বিক্ৰি কৰিলে বুলি মিছা কথা ৰতি ফুৰিবলৈ