সমললৈ যাওক

পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ২৫ )

এই আন্দোলন অতি প্ৰবল ভাবে চলিবলৈ ধৰিলে। বাতৰি কাকত বোৰত হৈ চৈ লাগি পৰিল। কোনো ২ উদাৰ প্ৰকৃতিৰ ইংৰাজেও এই আইনৰ বিৰূদ্ধে ভাৰতীয়ৰ লগত সহযোগ কৰিছিল। ট্ৰান্সভাল বৃটিছ সাম্ৰাজ্যৰ উপনিবেশ আছিল। সেই বাবে সৰ্ব্ব সন্মতিক্ৰমে গান্ধীজী আৰু হাজি উজিৰ আলি নামে প্ৰখ্যাত লোকক ইংলণ্ডলৈ সজাতি পঠোৱা হল। তেওঁলোক বিলাতলৈ গৈ দাদাভাই প্ৰমুখ্যে প্ৰসিদ্ধ ভাৰতীয় লোকক দেখা কৰি এখন কমিটি পাতি ললে। কেইজনমান ইংৰাজকো হাত কৰি প্ৰধান মন্ত্ৰী প্ৰমুখ্যে ৰাজকীয় ক্ষমতা থকা সকলো প্ৰধান লোকৰ ওচৰত লিখিত আবেদন দাখিল কৰিলে, আৰু মুখেৰেও কলে। প্ৰত্যেকৰ পৰাই সহানুভূতি-সূচক আশ্বাস পালে। বিলাতত ছয় সপ্তাহ থাকি আফ্ৰিকালৈ ফিৰিল। বাটত আহোঁতেও টেলিগ্ৰাফ পালে যে ডিপুটেচন সাফল্য মণ্ডিত হব। কিন্তু দুখীয়াৰ কপালত হাঁহ-কণীত কুহুম নাইকীয়া হল। ট্ৰান্সভালৰ ব্যৱস্থাপক সভাই ইয়াৰ ভিতৰতে স্বাধীন ক্ষমতা পাই ঘাটকী আইন পাচ কৰিলে। ইয়ো এটা কুট-নীতিৰেই প্ৰথা। ইমান যত্ন কৰিও ভাৰতীয় সকলৰ দুৰ্গতিমোচন কৰিব নোৱাৰিলে। পুনঃ সভা পাতি প্ৰতিবাদ চলাবলৈ সিদ্ধান্ত কৰিলে। যদি কোনো লোকে ভয় কৰি পাচ লবলৈ যায় তেনে লোকক বুজায় চাব। যদি নামানে তেন্তে বাধা নিদি