( ২৩ )
এনেকি ভাৰতীয় লোক তাৰ পৰা সমূলে নিৰ্ম্মূল কৰাৰেই মতলব। মিঃ চেম্বাৰলেন বিলাতৰ পৰা ট্ৰান্সভাললৈ গৈছিল। সেইবাবেই ভাৰতীয় লোকে অভাব-অভিযোগ আদি জনাবলৈ গান্ধীজীক মাতিছিল। গান্ধীজীয়ে এখন দৰখাস্ত প্ৰস্তুত কৰি মিঃ চেম্বাৰলেনৰ ওচৰলৈ এটা ডিপুটেচন যোৱাৰ বন্দবস্ত কৰিলে। এচিয়াটিক বিভাগৰ কৰ্ম্মচাৰী সকলে গান্ধীজীৰ নাম কাটি দিলে। বাকী কেইজনমান মিঃ চেম্বাৰলেনৰ ওচৰলৈ গল। তেখেতে সমুদাই কথা শুনিলে। কিন্তু ব্যৱস্থাপক সভাই ভাৰতীয় লোকৰ কোনো কথাকে গ্ৰাহ্য নকৰিলে। কাৰণ মিঃ চেম্বাৰলেনে গোৰা বিলাকৰ কথা পেলাব নোৱাৰিলে। গান্ধীজীয়ে দেখিলে এনে অৱস্থাত তলকা মাৰি থাকিলে আফ্ৰিকাত ভাৰতীয় লোকৰ অস্তিত্ত্ব নাথাকে, গতিকে জীৱন মৰণ পণ কৰি এখন ডাঙৰ যুজ পাতিবলৈ স্থিৰ কৰিলৈ এই বিষয়ে ভাৰতীয় সকলে নানা আন্দোলন কৰি থাকোতেই নাতালত জুলু বিলাক বিদ্ৰোহী হৈ যুদ্ধ কৰে। গান্ধীজীয়ে ইয়াতো বৃটিছ প্ৰজা হিচাবে ২৫ জন ভাৰতীয় স্বেচ্ছা-সেৱকৰ দ্বাৰা এটা দল গঠন কৰি সহায় কৰে। এই যুদ্ধ শেষ হোৱাৰ পিচত গান্ধীজী ট্ৰান্সভাললৈ গৈ দেখিলে যে, সহায় কৰাৰ প্ৰতিদান স্বৰূপ ভাৰতীয় সকলৰ বিৰুদ্ধে তলত লিখা ধৰণৰ এখন আইন ট্ৰান্সভাল ব্যৱস্থাপক সভাই পাচ কৰি প্ৰচাৰ কৰিছে। “আবাল-বৃদ্ধ, বণিতা