সমললৈ যাওক

পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ২২ )

১১০০ ভাৰতীয় লোকৰ দ্বাৰা এটা দল গঠন কৰি বৃটিছৰ অনুমতি লৈ যুদ্ধলৈ যায়। যুদ্ধৰ শেষ প্ৰৰ্য্যন্ত নানা সঙ্কট জনক ঠাইত সুখ্যাতিৰে কাম কৰাৰ বাবে অফিচাৰ আৰু খবৰা কাগজ বিলাকেও প্ৰশংসা কৰিছিল। গান্ধীজী প্ৰমুখ্যে কেইবাজনো ভাৰতীয় লোকক ডাঙৰ ডাঙৰ উপাধিও দিছিল। আৰু ইয়াকো প্ৰতিশ্ৰুতি দিছিল যে যুদ্ধৰ শেষত আফ্ৰিকা বাসী ভাৰতীয় লোকক সকলো বিষয়তে বিশেষ সুবিধা দান কৰিব। ১৯০০ চনত যুদ্ধ শেষ হল। বৃটিছ সম্পূৰ্ণৰূপে জয়ী হল। বুয়াৰ ৰাজ্য ইংৰাজৰ হস্তগত হল। গান্ধীজীয়ে ভাবিলে আফ্ৰিকাত ভাৰতীয় লোকৰ সৌভাগ্য উদয় হল। তাকে ভাবি ১৯০১ চনৰ শেষ ভাগত বিদায় লৈ ভাৰতলৈ আহে। বোম্বাইতে বাৰিষ্টাৰী কৰিবলৈ সুবিধা কৰি লয়। মাত্ৰ কেইমাহমান থাকোতেই আফ্ৰিকাৰ পৰা টেলিগ্ৰাফ দি মাতিলে। কিবা গোলমাল হোৱাৰ সম্ভাৱনা ভাবি আৰু সোনকালে ফিৰাৰ আশা কৰি অকলেই ৰাওনা হল ১৯০২ চনৰ মাৰ্চ্চ মাহত। তেখেতে আফ্ৰিকাত উপস্থিত হৈ জানিব পাৰিলে যে সকলো উল্টা হৈ পৰিছে। ট্ৰান্সভাল ইংৰাজৰ হাতলৈ যোৱাত ভাৰতীয় লোকে মাটি লব নোৱাৰা আৰু বিনা পাচে তাত সোমাব নোৱাৰা হল। ট্ৰান্সভাল বুয়াৰৰ হাতত থাকোতে ভাৰতীয় লোকে যি অলপ সুবিধা পাইছিল, এতিয়া সিয়ো হেৰাল।