সমললৈ যাওক

পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৮ )

আদৰ আৰু আশ্বাস পালে। আফ্ৰিকা বাসী ভাৰতীয়ৰ দুখ দুৰ্গতিৰ বিষয়ে চমুকৈ সৰল ভাষাৰে দহ হেজাৰ কিতাপ ছপাই গণ্যমান্য লোক আৰু সংবাদ পত্ৰৰ অফিচ বিলাকলৈ পঠালে। সংবাদ পত্ৰতো নানা আলোচনা হবলৈ ধৰিলে। ইংলণ্ড, আফ্ৰিকা আৰু ভাৰতবৰ্ষতো হৈ-চৈ লাগি পৰিল। এইবিলাক কাম কৰাৰ বাহিৰেও যি-কি ঠাইত জহনী আদি সংক্ৰামক ৰোগে দেখা দিছিল সেইবিলাক ঠাইৰ ব্যাধিৰ বীজ গুচাবৰ কাৰণে স্বেচ্ছাসেৱক সংগ্ৰহ কৰি নিজেই পাইখানা আৰু আন আন অপৰিস্কাৰ ঠাই পৰিস্কাৰ কৰি জনসেৱা আৰু অস্পৃশ্যতা বৰ্জ্জনৰ কামত লাগি গৈছিল। প্ৰধান চহৰ বিলাকত সভা পাতি সকলো কথা প্ৰচাৰ কৰিছিল। এইদৰে কামকৰি ছমাহ হবলৈ নৌপাওঁতে আফ্ৰিকাৰ পৰা টেলিগ্ৰাফ আহিল “আফ্ৰিকাৰ পাৰ্লিয়ামেণ্ট সভা বহাৰ সময় হৈছে আপুনি সোনকালে আহক।” ভাৰতত নব জাগৰণৰ ঢৌ তুলি দি ১৮৯৬ চনত আফ্ৰিকালৈ যাত্ৰা কৰিলে। লগত তেখেতৰ পৰিবাৰ কস্তুৰীবাই নিজৰ দুটি আৰু ভনীয়েকৰ এটি লৰা লৈ গৈছিল। আগেয়ে তাত কোঁদোৰ বাঁহ জোকোৱা আৰু ভাৰতত আহি তাকে প্ৰচাৰ কৰাৰ বাবে আফ্ৰিকাৰ গোৰা সকলে গান্ধীজীৰ ওপৰত প্ৰতিশোধ লবলৈ গোঁজৰি আছিল। কেতিয়া আফ্ৰিকা পাব তাৰো খবৰ লৈ আছিল। সাগৰৰ বুকুত ভয়ানক ধুমুহা-বতাহ আৰু শিল-বৰষুণ