( ১৬ )
অভাৱ-অভিযোগ আদিৰ বিষয়ে দুখন পুথি লিখি ছাপা কৰিলে। ১ম খনৰ কিছুমান ইংলণ্ড ও ভাৰতলৈ পঠালে। ২য় খন দক্ষিণ আফ্ৰিকাৰ ইংৰাজ সকলক দিলে। ইয়াৰ ফলত চাৰিওফালৰ পৰা সহানুভূতী সূচক অনুমোদন পোৱা হল। কিন্তু নাতাল ব্যৱস্থাপক সভাই তাক অনুমোদন নকৰিলে। সকলো ভাৰতবাসীৰ প্ৰাণত দাৰুণ আঘাত পালে। গান্ধীজী সহজে এৰা বিধৰ মানুহ নাছিল। আন পক্ষে জাতি-বৰ্ণ নিৰ্ব্বিশেষে সকলো আফ্ৰিকাবাসী ভাৰতীয় লোক দৃঢ় ভাৱে একতা সূত্ৰত আবদ্ধ হৈ প্ৰতিজ্ঞা কৰিলে যে, ৩ পাউণ্ড টেক্স উঠাবই লাগিব আৰু ভোটাধিকাৰো পাবই লাগিব। গান্ধীজীৰ অক্লান্ত পৰিশ্ৰম আৰু দৃঢ় প্ৰতিজ্ঞাৰ বলত প্ৰায় কুৰি বছৰৰ পিচত ই কাৰ্য্যত পৰিণত হল। পিচত তাৰ বিষয়ে লিখা হব। বালাসুন্দৰম্ নামে এটা গিৰমিটিয়া কুলিক তাৰ মালিক চাহাবজনে বৰকৈ প্ৰহাৰ কৰাত মোকৰ্দ্দমা কৰিবলৈ গান্ধীজীৰ ওচৰলৈ আহে। গান্ধীজীয়ে ভাবিলে মোকৰ্দ্দমা কৰি মালিকক শাস্তি দিয়াব পাৰিব কিন্তু সি পুনঃ গিৰমিট শেষ নোহোৱালৈকে মালিকৰ ঘৰত খাটিবই লাগিব, তেতিয়া তাৰ দুৰ্গতি আৰু বেছিহে হব। গিৰমিট শেষ নহলে গিৰমিটিয়াই মালিকক এৰি যাব নোৱাৰে যেতিয়ালৈকে মালিকে নিজে এৰি নিদিয়ে বা আনক হস্তান্তৰ নকৰে গতিকে সেই ৰাগীয়াল চাহাবটোৰ হাতৰ পৰা তাক