সমললৈ যাওক

পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)

আইন পাচ কৰিলে। (১) ভাৰতীয় গিৰমিটিয়া কুলিয়ে ৫ বছৰ খাটি দিয়েই ভাৰতলৈ ফিৰি যাব লাগিব। (২) যাব নোখোজিলে অলপ বঢ়া দৰমহাত আৰু দুবছৰ গিৰমিটিয়া হৈ থাকিব পাৰিব। (৩) মাটিৰ স্বত্ত্বাধিকাৰী হব নোৱাৰিব। (৪) কোনো নিৰুপিত অৰ্থাৎ কুলিবস্তী ৰূপে অতি পিচ পৰা গেন্ধেলা ঠাইতহে ঘৰ সাজি থাকিব পাৰিব। (৫) থাকিবলৈ ইচ্ছা কৰা সকলে ১৮ বছৰৰ ওপৰৰ প্ৰত্যেক মানুহেই বছৰি ২৫ পাউণ্ড (৩৭৫্ টকা) টেক্স দিব লাগিব। (৬) মেম্বৰ বাচনীত কাৰো ভোট নাথাকিব। (৭) ৰাতি নটাৰ পিচত কোনো ভাৰতীয় লোকে বিনা লাইচেঞ্চে ফুৰিব নোৱাৰিব। (৮) খোজকাঢ়ি ফুৰা পকি বাটেদি কোনো ভাৰতীয় ফুৰিব নোৱাৰিব ইত্যাদি। ভাৰতীয় লোকে যাতে আফ্ৰিকাত থাকিব নোৱাৰে তাৰ বাবেই এই বিলাক নিয়ম কৰা হৈছিল। ৰাতি ফুৰাৰ লাইচেন্স গান্ধীজীয়েও লব লগাত পৰিছিল। পকি বাটেদি যাওঁতে এদিন গান্ধীজীক এটা চিপাহীয়ে পাৰেমানে মৰিয়ালে। তাকে দেখি আন এজন মুখীয়াল লোকে মোকৰ্দ্দমা কৰিবলৈ কোৱাত গান্ধীজীয়ে তাক ক্ষমা কৰিছো বুলি কলে। ২৫ পাউণ্ড টেক্সটো ভাৰত গবৰ্ণমেণ্টে (লৰ্ড এলগিন ভাইচৰয়ৰ) বেছি বুলি ভাবি ৩ পাউণ্ড মঞ্জুৰ কৰি দিলে। ওপৰত উল্লেখ কৰা বিষয় বিলাকৰ প্ৰতিবিধান কৰিবলৈ গান্ধীজীয়ে আন্দোলন চলাবলৈ ধৰিলে। দৰখাস্ত