ভাৰতীয় লোকৰ সমাগম।
কিছুমান লোকে আফ্ৰিকাত বেপাৰ কৰিবলৈ, কিছুমানে কেৰাণী কাম কৰিবলৈ আৰু কিছুমানে সামান্য মজুৰৰ কাম কৰিবলৈ গৈছিল। আৰু এটা ঘটনা হৈছিল— নাতালত বৰ ভাল কুঁহিয়াৰ খেতি হৈছিল। সেই বাবে কুঁহিয়াৰ খেতিয়ক গোৰা সকলে ১৮৬০ চনত সভাপাতি ভাৰতৰ পৰা বনুৱা পাবলৈ ভাৰত গবৰ্ণমেণ্টক জনালে। ইংৰাজ চৰকাৰে স্বজাতিৰ উন্নতিৰ অৰ্থে ৫ বছৰীয়া এগ্ৰিমেণ্টত কুলি পঠাবলৈ বন্দবস্ত কৰিলে আৰু উল্লেখ কৰিলে যে, সিহঁতে পাঁচ বছৰৰ পিচত তাত বাস কৰি থাকিবলৈ ইচ্ছা কৰিলে মাটিৰ মালিকী স্বত্ব লৈ সাধাৰণ প্ৰজা হিচাবে বাস কৰিবলৈ দিব লাগিব। এই স্বত্ত্বত নাতাল গবৰ্ণমেণ্টে উপকাৰ ভাবি মান্তি হল। অনেক বনুৱাই এগ্ৰিমেণ্ট দি নাতাললৈ ৰপ্তানী হল। ম্যাদ বাদে অনেকে মাটি লৈ খেতিকৰি ধনী হল। কোনোৱে বা বেপাৰত হাতদি সদাগৰ হৈ পৰিল। তেওঁলোকৰ তেনে অৱস্থা দেখি গোৰা সকলৰ চকুৰ পোৰণি ধৰিলে। সেই বাবে ভাৰতীয় সকলক কি উপায়ে আফ্ৰিকাৰ পৰা খেদিব পাৰে তাৰ বিষয়ে চিন্তা কৰি ব্যবস্থাপক সভাত তলত লিখা ধৰণৰ