সমললৈ যাওক

পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১২ )

মীমাংসা কৰাই দিব পাৰিলে উভয় পক্ষৰ সুবিধা হয়। বিশেষতঃ উভয় পক্ষয় আত্মীয় লোক। সেই বাবে তেখেতে উভয় পক্ষকে বুজনি দি ৩৭০০ পাউণ্ড (৫৫৫০০৲ টকা) কিস্তিমতে দিবলৈ মীমাংসা কৰি দিলে। ইয়াত উভয় পক্ষয় পৰম সন্তোষ হল। আফ্ৰিকালৈ যোৱাৰ উদ্দেশ্য সিদ্ধি হল। আনফালে এটি বছৰো পুৰা হৈ গল। দেশলৈ ফিৰাৰ উদ্দেশ্যে নাতাল পালেহি। তেখেতক বিদায় দিয়া সম্পৰ্কে ভাৰতীয় বৰ্গয় এখন সভা পাতিলে। সেই সভাত বহি থাকোতেই এখন খবৰা কাগজত “ইণ্ডিয়ান ফ্ৰেঞ্চাইজ” অৰ্থাৎ নাতালৰ ব্যৱস্থাপক সভাৰ সভ্য নিৰ্বাচনত ভাৰতীয় লোকৰ ভোট ৰদ কৰা। এই বিষয়ে ভাৰত বাসীৰ ভবিষ্যত অনিষ্টৰ কথা সকলোকে বুজাই দিলে। সিবিলাকে দেখিলে যে ই এখন ডাঙৰ যুঁজ, গান্ধীজীৰ বাহিৰে আন সেনাপতিয়ে এই ৰণ জিকিব নোৱাৰিব। সেইবাবে অন্ততঃ এমাহ থাকি ইয়াৰ শেষ মীমাংসা কৰি যাবলৈ অনুৰোধ জনালে। দেশ সেৱাৰ কাম বুলি নিজৰ ক্ষতি স্বীকাৰ কৰিও থাকিবলৈ মান্তি হল। ৰাইজে দিব খোজা খৰচো গ্ৰহণ নকৰি উকালতি কৰি চলিবলৈকে ঠিৰাং কৰিলে। ক’লা চামৰা এনে ঘৃণনীয় যে, প্ৰথমে উকালতি কৰিবলৈকো অনুমতি দিয়া নাছিল। তাতো এখন ভয়ানক যুদ্ধ কৰি অনুমতি পালে। ৰাইজৰ সেৱা কামকেই মুখ্য কৰি লৈ সাধাৰণ হিচাবে হে উকালতি কৰিছিল।