সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মজাৰ গল্প
 

টেটোনক মতাই আনিলে আৰু সকলো কথা ভাঙ্গিছিঙ্গি কলে। টেটোনে তেতিয়াই নিজৰ সাজ পাৰ সোলোকাই লেংটী এদাল মাৰি গাত কিছুমান ছাই ভষ্ম সানি হাতত জেং খৰি কেদাল- মান লৈ ৰাণীৰ দোলাৰ আগে আগে জপিয়াই জপিয়াই যাবলৈ ধৰিলে। ৰাণীয়ে তাক দেখি চিনি পাই ওচৰলৈ মতাই আনি শুধিলে—“টেটোন তয় কলৈ যাৱ?” টেটোনে কলে—“তিৰ্থ লৈকে বুলিহে ওলাই আহিছোঁ। ৰাণীয়ে শুধিলে—“এই দৰে কিয়?” টেটোনে কলে -“সৌখিনিৰ পৰাতো আপুনিও এই দৰে যাব লাগিবহে।” ৰাণীয়ে শুনি কোচখালে আৰু তাৰে পৰাই উভতি আহিল। তেতিয়াৰ পৰা আৰু কেতিয়াও তীৰ্থ লৈ যোৱাৰ নাম নলয়!

সাধুতা।

 সাধুতাত মানুহ এজন বৰ বিখ্যাত আছিল। কোনো মানুহেই কেতিয়াও তেওঁক কোনো কথাতেই খঙ্গ তোলাব নোৱা ৰিছিল। এদিন এজন মানুহে তেওঁক খঙ্গ তোলাবৰ মনেৰে গধূলিলৈ তেওঁক নিমন্ত্ৰণ কৰি আহিল গৈ। গধূলি পৰত

যেতিয়া সাধু জন আহি উপস্থিত হলহি তেতিয়া নিমন্ত্ৰণকাৰী

৮৭