সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মজাৰ গল্প
 


থোৱা নাই? তেন্তে ময় কেনেকৈ তোতকৈ বেচি সুখী কচোন?” খৰিকটীয়াই আৰু কি কব, সি নিজেই সেই শিক্ষা পালে।

নিৰাশাত শিক্ষা।

 এজন ৰজাই তেওঁৰ এজন বিশিষ্ট বন্ধুৰ ঘৈণীয়েকক দেখা পাই বৰ মোহীত হল, আৰু পাবৰ কাৰণেও বৰ চেষ্টাত থাকিল। এদিন কাৰোবাৰ কুমন্ত্ৰণাত পৰি বন্ধু নথকাত তেওঁৰ ঘৈণীয়েকলৈ লুকুৱাই চিঠি এখন দিলে। চিঠি পাই মানুহ জনীয়ে ৰজাক ৰাতি এপৰমান যোৱাত অকল সৰীয়াকৈ মাতি পঠিয়ালে। যেতিয়া গিৰীয়েক আহিল তেতিয়া সকলো খিনি কথা ভাঙ্গি ছিঙ্গি কলে আৰু ৰাতিলৈ তাই যি কাম কৰিব তাত কোনো হকা বধা কৰিবলৈও হাক দিলে। ৰাতি ঠিক সময়ত ৰজা আহিলত তাই বৰ আদৰ সাদৰ কৈ বহিবলৈ দিলে আৰু ইটো সিটো কথাৰ পাছত খোৱাৰ যোগাৰ ঠিক কৰিলে। তাই চালাখি কৈ গিৰিয়েকে খাই এৰা ভাতৰ কাঁহিতে যিকিটা চুৱা ভাত আছিল তাৰ ওপৰতে অলপ ভাল ভাত চেতিয়াই ৰজাৰ আগত আনি দিলেহি। ৰজা সিহঁততকৈ ভিন জাতৰ দেখি খাবলৈ অলপ ইফাল সিফাল কৰিছে। তাইৰ অনুৰোধত

৮৫